অৰাজনৈতিক বুদ্ধিজীৱি সমীপেষু | ইছমাইল হোছেইন
অৰাজনৈতিক বুদ্ধিজীৱি সমীপেষু
–ইছমাইল হোছেইন
শ্ৰদ্ধেয় অৰাজনৈতিক অগ্ৰজ কবি- শুনক
বিতৰ্ক নহয় আপোনাৰ স’তে কবিতাৰে কিছু সদালাপঃ
হয়, বুদ্ধিজীৱিৰ পাঠশালা কটন কলেজতেই
তাহানি প্ৰথমবাৰ ল’গ পাইছিলো আপনাক।
সম্ভৱতঃ চিনাকী মাথোন সিমানেই মহাশয়,
তাৰ পিছত আপোনাৰ অতিথিশালাৰ
একুৰিয়ামত নীলা, বগা, কলা, ৰঙা মাছবোৰ চাই থকা সময়ত
আপোনাৰ মুখতেই শুনিছিলোঁ ৰাজনীতিৰ আলাপ
ঠিক মনত নপৰে তাৰ পিছত ক’ত
কবিতাৰ মাজেৰেই হয়তো হ’ব পাৰে চিনাকীৰ কচৰৎ।
মনত পৰিছে – আপুনিয়েই, হয় আপুনিয়েই
এদিন শুনাইছিল
লেনিনৰ শস্যৰ সেউজ পথাৰত
ক’লা ৰুটিয়ে দিয়া উজ্জ্বল বগা মনৰ বতৰা,
প্ৰসাৰিত সমতলত আপুনিয়েই বিচাৰিছিল এদিন
লেনিনৰ দেশত ‘শস্যৰ সোণালী খোজ’।”
এতিয়াতো ফুলনিত, চিৰিয়াখানাত, উদ্যানত
কবিতাৰ ‘বুটা’ বাছোতেই পলায় আপোনাৰ ভোক –
নিৰাশ আকাশত তৰাৰ ফৰ্মুটিলৈ চাই,
নিঃসঙ্গ বননিত কবিতাৰ ‘অৰাজনৈতিক’ গান গাই
দিনে দিনে উগাৰিছে কাব্যিক ভোগ।”
“শ্ৰদ্ধেয় ‘নিৰেপক্ষ’ অগ্ৰজ কবি – শুনক
আপোনাৰ দেশতেই যদি ৰাজনীতিয়ে হত্যা কৰে
শিল্পীৰো শিল্পী প্ৰাণ ছফদৰ হাছমীক
আপোনাৰ চোতালতেই যদি ৰাজনীতিয়ে ‘ধৰ্ষণ’ কৰে
মাতৃৰো মাতৃপ্ৰাণ স্নেহময়ী নাৰীক
আপোনাৰ সন্মুখতেই যদি ৰাজনীতিয়ে কাঢ়ি নিয়ে কলম
আপোনাৰ দৰেই নিৰেপক্ষ অবোধ কবিৰ
তেতিয়া কি সূত্ৰতনো নিজকে কয়–
নিৰেপক্ষ বা অৰাজনৈতিক?
“শ্ৰদ্ৰেয় অগ্ৰজ কবি– শুনক
কবিতা বাক্যবাণ নহয়, কিম্বা আখেজৰ প্ৰলাপ
কবিতা নহয় কাহানিও শাসক কিম্বা
শোষকৰ ক্ৰীতদাস।
কবিতা মানেইতো একাত্মকতা –
কবি মানে সবল প্ৰতিবাদ।”
“আহক, আমি সলাই থওঁ পক্ষপাতিত্বৰ ৰাজকীয় পোছাক
খেদি পঠাওঁ মগজু আৱৰি থকা মধ্যবিত্ত
চেতনাৰ গুবৰুৱা পোক।
সমূহৰ ঘৰে দুৱাৰে কবিতা গাওঁ-
জীৱনৰ নান্দনিক গান,
সমূহৰ বাবে কলম ধৰো- কলম হওঁক শোষিতৰ আগ্নেয় বাণ!
শ্ৰদ্ধেয় অৰাজনৈতিক কবি- বিনম্ৰ অনুৰোধ
বন্ধ চকু দুটি মোকলাই দিয়ক,
কাণ দুখন খুলি দিয়ক,
দেখিব- কিদৰে চৰম উত্তাপতো মানুহৰ
তেজত নামে তুষাৰ পাত
শুনিব- কিদৰে বন্ধ কৰে চেনাইৰ মাত,
বিপন্ন হয় ৰাঙলী ব’হাগ
বন্ধ , খিৰীকিবোৰ খুলি দি চাওঁক-
চৌদিশে ক্ষুধাৰ জেহাদ।
মুক্ত বায়ুত উশাহ লওঁক-
বায়ুত দুর্ভিক্ষ দুৰ্দ্দিনৰ স্বাদ।
হে অগ্ৰজ কবি- য’ত কলমত ঢালি দিয়ে বিষ
কবিতাতো নিগৰে তেজ
তাত কবি কিদৰে নিৰেপক্ষ
কবিতা কিদৰে অৰাজনৈতিক?
মহাশয়, কবিতো হ’ব নোৱাৰে পোহনীয়া জীৱ
কিম্বা আৰণ্যক প্ৰাণী
কবি মানেইতো সচেতন প্ৰজাতি–
কবি মানে প্ৰতিবাদৰ সহস্ৰ সেনানী। ০ ০ ০
অৰাজনৈতিক বুদ্ধিজীৱি
বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘অৰাজনৈতিক বুদ্ধিজীৱি সমীপেষু | Arajnoitik Buddhijibi Samipekhu’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:











