আত্মপাঠ | ইছমাইল হোছেইন

0

আত্মপাঠ | ইছমাইল হোছেইন

আত্মপাঠ | ইছমাইল হোছেইন

আত্মপাঠ

-ইছমাইল হোছেইন

কিদৰে পাহৰো মই যে আছিলো এদিন অবোধ শিশুঃ

আইৰ জৰায়ু ফালি ভূমিষ্ঠ হোৱা দিনটোত আশ্ৰয়ৰ 

বাবে নাছিল নিগাজী ঘৰ

মূৰৰ ওপৰত আছিল শুভ্ৰ জোনাক

ভৰিৰ তলেদি বৈ গৈছিল দুখৰ কোৱাল নদী

মই পাহৰা নাই পাঁচ বছৰ বয়সতেই যে 

শিশু শ্ৰমিকৰ পোছাক পিন্ধিছিলো 

মই পাহৰা নাই পাঁচ বছৰ বয়সতেই 

দেউতাৰ স’তে জমিদাৰৰ খেতিত কাম কৰিছিলো

পাহৰা নাই যে দৰ্জীৰ  দোকানত কাম কৰি 

পঢ়াশালিৰ খৰচ উলিয়াইছিলো।

পাহৰা নাই  মই যে বহু দিন দেওবৰীয়া 

বজাৰৰ দোকানে দোকানে মমবাতি বেচিছিলো

অথচ মমবাতিৰ পোহৰত কোনো দিনে 

মোৰ জন্মোৎসৱ পতা নাই

নতুন কাগজত লিখি পোৱা নাই মোৰ 

জন্ম দিনৰ সঠিক ঠিকনা

নতুন পোছাক পিন্ধি এটি নতুন ৰাতি পুৱাক

আদৰিব পৰা নাই

শিশু শ্ৰমিকৰ প্ৰাপ্য মজুৰি কোনো দিনে  

হাতত লৈ পোৱা নাই।

অথচ শ্ৰমিকৰ সংজ্ঞা কি বুজিছিলো

যেতিয়া মোৰ বয়স পাঁচ।

যেতিয়া মোৰ বয়স ছয় শ্ৰেণী-বন্ধু, শ্ৰেণী-শত্রূ  কি জনা নাছিলো

যেতিয়া মোৰ বয়স সাত শ্ৰেণী-দ্বন্দ্ব, 

শ্ৰেণী-সংগ্ৰাম কি জনা নাছিলো

যেতিয়া মোৰ বয়স ন ন্যায়, অন্যায় কি জনা নাছিলো।

এতিয়া মই সকলো বুজো–

যেতিয়া খাদ্যহীন হৈ শিশুৰ মৃত্যু হয়

তেতিয়া বুজো শোষণ মানে কি

যেতিয়া হত্যাকাৰীয়ে আদালতত মুক্তি পায়

তেতিয়া বুজো ন্যায় মানে কি

যেতিয়া শ্ৰমিকৰ শোভাযাত্ৰাত গুলিবৰ্ষণ হয়

তেতিয়া বুজো শ্ৰেণী-দ্বন্দ্ব মানে কি

যেতিয়া নাৰী মুক্তিৰ যুগতো নাৰী ধৰ্ষণ হয়

তেতিয়া বুজো স্বাধীনতা মানে কি।

মোৰ দৰে কৌটি কৌটি নাগৰিকেই আত্ম পাঠত 

নিজৰ কথাবোৰ সদৰি কৰে

আৰু কৌটি কৌটি জনতাই জীয়াই ৰাখিছে

লাঞ্ছিতা ভাৰতবৰ্ষ

ইয়াক জাতি, ধৰ্ম, ভাষাৰ নামত বহুবাৰ ধৰ্ষণ কৰা হৈছে

আৰু বহুবাৰ সমাধিস্থ কৰা হৈছে 

ইয়াৰ ইতিহাস আৰু ঐশ্বৰ্য।

মূলতঃ মই পাহৰা নাই মই যে আছিলো 

এদিন আইৰ অবোধ শিশু

আৰু এতিয়া চিনি পাইছো আইক ধৰ্ষণ কৰা 

বহুৰূপী মুখ। ০ ০ ০

আত্মপাঠ

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘আত্মপাঠ | Atmapat | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছেআত্মপাঠ

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  8. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleনিজৰ সতে দ্বন্দ্ব | ইছমাইল হোছেইন
Next articleমোৰ কবিতাৰ ছন্দ লাগি | বিষ্ণু ৰাভা

LEAVE A REPLY

Please enter your comment!
Please enter your name here