আপুনি যদি ‘ইছমাইল হোছেইনৰ ‘যুদ্ধৰ বিৰুদ্ধে’ কবিতাটো / গীতটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।
কবিতাৰ শৰীৰ
–ইছমাইল হোছেইন
কবিতাৰ কি যে নিমজ, নিটোল, ছন্দোবদ্ধ বৰ্ণময় শৰীৰ
যেন বসন্তৰ পথাৰত জীপ দিয়া কেঁচা কোমল ঘাঁহ
জ্যোৎস্না ৰাতিৰ নীলিমা ভ’ৰা কবিতাৰ আবৰণ।
ইচ্ছা থাকিলেও স্পৰ্শ কৰিব নোৱাৰি তাৰ নির্ভেজাল দেহ।
কবিতাৰ পাৰপত্ৰহীন সীমনাত বিচৰণ কৰি মই নিজকে হেৰুৱাও
কবিতাই মোক বিচাৰি আনি সযতনেৰে স্থাপন কৰে
তাৰ মাধুৰী কোলাত
অন্তৰঙ্গভাৱে কবিতাৰ স’তে সহবাস কৰো,
ক্ষণিক বিচ্ছেদ ঘটাওঁ
আকৌ কবিতাৰ স’তে হাতে হাত ধৰি পাৰ হওঁ দেশ-দেশান্তৰ।
বিচ্ছেদৰ বিৰতিৰ পিছত লগ পালেই কবিতাই
মোক সম্ভাষণ যাচে
আলফুলে সাৱটি চুমা খায়
হৃদয়ৰ বতৰা দিয়ে সংগোপনে।
ইমান কোমল কবিতাৰ নিৰ্মোহ মুখাৱয়ব
অথচ ভীষণ তীক্ষ্ণ তাৰ দাঁত
কবিতাই মোক ৰুকি ৰুকি কাটে
ৰৈ ৰৈ প্ৰতিদিন চোবায়
স্পৰ্শকাতৰ শৰীৰত সঘনাই হানে দুৰ্বাৰ আঘাত।
কবিতা মূলতঃ নির্বোধ ব্যাকৰণ
যাৰ নাই বিশেষ বিশেষণ
কবিতা সৰ্বত্ৰ বাসোপযোগী, জীৱনৰ অবিচল যাত্ৰা
অবিচলিত পথিক
কবিতা মূলতঃ জীৱনৰ অমিয়া সুৰ
ৰূপান্তৰিত কালৰ আৱহ সঙ্গীত। ০ ০ ০
কবিতাৰ শৰীৰ: An Overview
The poem “কবিতাৰ শৰীৰ” by ইছমাইল হোছেইন beautifully explores the essence of poetry, portraying it as something deeply intimate yet untouchable.
The poem describes poetry as having a soft, rhythmic, and colorful body, much like fresh green grass in spring or the gentle glow of moonlight. Despite its alluring presence, it remains untouchable in its purest form. The poet feels lost within the limitless world of poetry, but poetry, in turn, embraces and nurtures him with its sweetness.
He experiences an intimate relationship with poetry—sometimes staying close, parting, but always reconnecting to journey across different lands and emotions. Whenever they reunite after separation, poetry welcomes him warmly, whispering heartfelt messages and offering affectionate gestures.
However, poetry is not just soft and tender—it also possesses sharpness, a hidden intensity. It bites, wounds, and leaves lasting impressions on the poet, shaping him through its relentless influence. Despite this, poetry remains essential and ever-present in life, like an eternal traveler. It is both a simple, structure-free entity and a profound melody that echoes the essence of time and transformation.
The poem ultimately portrays poetry as a gentle and powerful force—comforting yet piercing, simple yet profound, always shaping and guiding life’s journey.
নোট: যদি আপুনি ‘ইছমাইল হোছেইনৰ ‘কবিতাৰ শৰীৰ’ কবিতাটো / গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিঃ দ্রঃ ইছমাইল হোছেইনৰ কবিতাৰ শৰীৰ | Kabitar Sharir | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
- সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:











