আপুনি যদি হীৰেন ভট্টাচাৰ্যৰ ‘কবিৰ হাতৰ ছবি’ কবিতাটো / গীতটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে সহজতে আয়ত্ব কৰিব পৰাকৈ অতি সৰল আৰু উজু ভাষাত লিখা হৈছে।
নোট: যদি আপুনি ‘হীৰেন ভট্টাচাৰ্যৰ ‘কবিৰ হাতৰ ছবি / গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
কবিৰ হাতৰ ছবি
—হীৰেন ভট্টাচাৰ্য
(১) বৰ্ষা
শাল বনেৰে বৈ আহে বতাহৰ কুলুকুলু বাঁহী।
বাৰিষাৰ বতাহ যেন হতাশ প্ৰেমিক,
বুকু ভৰি থাকে দুখ, দুখৰ
সৰল হাঁহি।
(২) শীত
পাতবোৰ পৰি আছে। উদং গাৰে ৰ’দ লৈছে গছবোৰে।
শুকান ঘাঁহত বনকৰা পাট যেন ৰ’দ। দূৰত ম’হৰ শিঙৰ দৰে
ফেৰপাতি থকা পাহাৰটো সাৱটি আছে নৈৰ নিজান সুৰে!
(৩) বসন্ত
জুনুক কৰি বাজিল জুনুকা।
‘চেনিমৰা বাগিচাৰ চিঠি’ লৈ কোবাল খোজেৰে গুছি গ’ল ডাকোৱাল।
গছে গছে হেঁপাহৰ ৰঙীন ৰুমাল। ০ ০ ০
নোট: যদি আপুনি ‘হীৰেন ভট্টাচাৰ্যৰ ‘কবিৰ হাতৰ ছবি / গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘কবিৰ হাতৰ ছবি Kabir Hatar Chabi হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে।
You May Like:
- সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
- আত্মপাঠ-ইছমাইল হোছেইন
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:











