মেটা (গীত): আপুনি যদি ‘ইছমাইল হোছেইনৰ ‘কৃষক বন্ধুলৈ’ কবিতাটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।
কৃষক বন্ধুলৈ
–ইছমাইল হোছেইন
তুমি থাকিলে অমানিশাতো গাওঁবোৰে বিলায় পোহৰ
মানুহবোৰে ঘৰে ঘৰে গায় জীৱনৰ অমিয়া গান
ঋতুৱে সলায় পুৰণি জৰাজীৰ্ণ দিন।
তুমিয়েইতো মাটিৰ পৰা কাঢ়ি আনিছা শস্যৰ বীজ
আকাশৰ পৰা আনিছা অমল সৌন্দৰ্য
সূৰ্যৰ পৰা শক্তিৰ অক্ষয় ভাণ্ডাৰ
সাগৰৰ গভীৰ বুকুৰ পৰা প্ৰশান্তিৰ কোমল ৰ’দ।
তুমি নেথাকিলে পানী হয় পাথৰ
থমকি ৰয় নদী
প্ৰৱল উত্তাপত বাঢ়ি আহে পৃথিৱীৰ জ্বৰ।
তোমাৰ লুণীয়া দেহাত শ্ৰমৰ অফুৰন্ত স্বাক্ষৰ
অথচ তুমি কেতিয়াও বাতৰিৰ শিৰোণামা নোহোৱা
দূৰদৰ্শনৰ পৰ্দাতো ভূমুকি নেমাৰে তোমাৰ বিশ্বস্ত মুখ
ৰাজসদনৰ অধ্যক্ষও নহয় তুমি।
তুমি মানুহৰ চেতনাৰ বটবৃক্ষ
এটা জাগ্ৰত প্ৰতিবাদ। ০ ০ ০
নোট: যদি আপুনি ‘ইছমাইল হোছেইনৰ ‘কৃষক বন্ধুলৈ’ কবিতাটো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘কৃষক বন্ধুলৈ | Krikhak Bandhuloi |ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে। কৃষক বন্ধুলৈ
You May Like:
- সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
- আত্মপাঠ-ইছমাইল হোছেইন
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- মোৰ সপোন যদি-জ্যোতিপ্রসাদ
- মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:
- হুমায়ুন আজাদ
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ











