গাঁৱৰ চিঠি | ইছমাইল হোছেইন

0

আপুনি যদি ‘ইছমাইল হোছেইনৰ ‘গাঁৱৰ চিঠি’ কবিতাটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।

গাঁৱৰ চিঠি

গাঁৱৰ চিঠি

–ইছমাইল হোছেইন

ইয়াত কেতিয়াবাই গধূলি হ’ল

হিম শীতল বুকুতো ইয়াত অনুভৱ হয় উত্তাপ 

দিনে ৰাতি

শৃঙ্খলিত বন্ধীৰ দৰে আবদ্ধ থাকে ইয়াৰ পৃথিৱী

উন্মাদ জন্মভূমিত কবৰ দিয়া হয় গাঁৱৰ চিঠি।

ইয়াত এতিয়া গভীৰ ৰাতি

শস্যৰ সেউজ পথাৰত বৰষুণ নাই বহু দিন

তথাপিও বলাৎকাৰ হয় প্ৰেয়সী মাটি।

গাঁৱৰ চিঠিত খবৰ আহে

‘বানপানীত উটি গ’ল তিনিজন শিশু

অনাহাৰত মৰিল অনেক জীৱন’

চৰকাৰী বাতৰিত পঢ়িলো

‘শিশুবোৰে সাঁতুৰিব নেজানে

মানুহবোৰ গ্ৰহণীত মৰিল।

অনুভৱত মোৰ সমগ্ৰ সত্বাই চিঞৰি উঠে

ইয়াত কেতিয়াবাই গধূলি হ’ল

ইয়াত এতিয়া জয়াল ৰাতি,

বসন্ততো নুফুলে য’ত এপাহি ফুল,

তাতনো কেনেকৈ পঢ়িবা বা গাঁৱৰ চিঠি! ০ ০ ০

নোট: যদি আপুনি ‘ইছমাইল হোছেইন ‘গাঁৱৰ চিঠি’ কবিতাটো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘Gaonr Chithi | ইছমাইল হোছেইন ‘ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  2. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  3. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  4. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  5. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  6. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  7. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  8. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  9. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleৰোৱনীজনী তোৰ বিজন | ইছমাইল হোছেইন
Next articleকৃষক বন্ধুলৈ | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here