জীৱন আৰু মানুহ বিষয়ক | ইছমাইল হোছেইন

0

জীৱন আৰু মানুহ বিষয়ক | ইছমাইল হোছেইন .আপুনি যদি ‘ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক কবিতাটো  বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এইখন আপোনাৰ বাবে। 

জীৱন আৰু মানুহ বিষয়ক

জীৱন আৰু মানুহ বিষয়ক

–ইছমাইল হোছেইন

 

মানুহৰ প্ৰিয়তম শব্দ ‘জীৱন’

শ্বাশত কালৰ ই এক স্ৰোতস্বিনী নদী

যাৰ পাৰে পাৰে চেতনাৰ বিদীৰ্ণ ইতিহাস

মানুহ তাৰ সমতলত নাচি থকা গছ।

মানুহ মানে জীৱনৰ অনিবাৰ্য অৱয়ব

আমি তাৰ পৰিপূৰক পলস।

জীৱনৰ স্বকীয় অৰ্থ নাই যি দৰে মানুহৰ আছে।

মানুহ অনন্ত জীৱনৰ সুনিপুণ  খনিকৰ

মানুহ মাটিৰ আদিম বণিক

দুহাতত যাৰ যুগল প্ৰেমৰ ঘৰ।

মই মানুহৰেই সাধনাত ব্রতী এজন মানুহ

মানুহৰ সান্নিধ্যই মোলৈ আনে জীৱনৰ অৰ্থ

যাদুকৰী অন্বেষণ আৰু মধুকৰী স্পৰ্শ।

ইচ্ছা থাকিলেই জীৱনক অৰ্থবহ কৰিব পাৰি

নিৰৰ্থক বিলাসৰ বিপৰীতে যদিহে অনুভৱ কৰিব পাৰি

মানুহৰ অন্তৰঙ্গ সঙ্গৰ কল্যাণময় মাদকতা।

জীৱন মানুহৰ সৰ্বভাষাৰ শ্রেষ্ঠতম অভিধান

যাৰ পাত মেলিলেই ওলাই আহে শব্দৰ মুক্তি সমদল

মানুহ শব্দৰ অবিনশ্বৰ শৰীৰ

জীৱন তাৰ নিৰ্মোহ অলংকাৰ

দেশৰ হকে শ্বহীদে দিয়া মহত্বম উপহাৰ।০ ০ ০

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘জীৱন আৰু মানুহ বিষয়ক | Jiban Aru Manuh Bishayak | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  2. আত্মপাঠ-ইছমাইল হোছেইন
  3. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  4. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  5. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  6. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  7. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  8. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  9. মোৰ সপোন যদি-জ্যোতিপ্রসাদ
  10. মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
  11. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  12. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. হুমায়ুন আজাদ
  2. হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
  3. ইছমাইল হোছেইন
  4. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  5. অমূল্য বৰুৱাৰ কবিতা কুকুৰ

 

Previous articleআহিনৰ লেণ্ডস্কেপ | হীৰেন ভট্টাচাৰ্য
Next articleEnglish Quran by Rabbi Masrur

LEAVE A REPLY

Please enter your comment!
Please enter your name here