নাগৰিকৰ প্ৰতি | ইছমাইল হোছেইন

0

আপুনি যদি ‘ইছমাইল হোছেইনৰ ‘নাগৰিকৰ প্ৰতি’ কবিতাটো / গীতটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।

নাগৰিকৰ প্ৰতি

নাগৰিকৰ প্ৰতি

–ইছমাইল হোছেইন

মাটিৰ মৰমত নিমজ্জিত

মোৰ প্ৰিয়তম নাগৰিক

অহা দিনবোৰৰ প্ৰতিটো প্ৰত্যুষত 

আমি যেন মিলিত হ’ব পাৰো

সংহতিৰ বিশাল পথাৰত

আমি যেন কৰিব পাৰো আলিংগন

প্ৰতিজন শিশুৰ মুখত

গুজি দিব পাৰো যেন এটুকুৰা ৰুটি

অথবা এটি চুম্বন।

অহা দিনবোৰৰ প্ৰতিটো পলকত

আমি যেন ৰক্ষা কৰিব পাৰো

আমাৰ স্বাধীনতা

আমি যেন স্থায়ী কৰিব পাৰোঁ

আমাৰ মিলন আৰু আত্মীয়তা।

বিভেদৰ প্ৰতিটি ক্ষণ

আৰু প্ৰতিটি দৃশ্যৰ পৰিসমাপ্তি ঘটক;

সাম্প্ৰদায়িকতাবাদ, বিচ্ছিন্নতাবাদৰ  প্ৰতিটো

ভণ্ড কৰ্মশালাক নিষিদ্ধ কৰি দিয়া হওঁক;

একেটা শোভাযাত্ৰাত মিলিত হওঁক

আটাইবোৰ জাতি।

আহা, এনে এটি মূহুৰ্তৰ বাবে আমি প্ৰাৰ্থনা কৰো

য’ত মন্দিৰ, মছজিদৰ দ্বন্দ্বই নেভাগে

এটা বৃহৎ জাতি;

আহা, এনে এটা অৱস্থাৰ বাবে আমি 

সংগ্ৰাম কৰো

য’ত প্ৰতিজন মানুহেই একো-একোটা স্বাধীন প্ৰজাতি।  ০ ০ ০

নাগৰিকৰ প্ৰতি Nagarikor Proti: An Overview

The Assamese poem “নাগৰিকৰ প্ৰতি” by Ismail Hossain n is a heartfelt appeal to the citizens, urging unity, compassion, and the preservation of freedom and humanity. Here is an overview in English:

The poem addresses the citizens, who are deeply connected by the love of the land. The poet envisions a future where every morning brings opportunities for unity and harmony. The speaker dreams of a world where people come together in solidarity, embracing each other, and ensuring that every child gets a piece of bread or a loving kiss.

In this optimistic vision, the speaker urges the citizens to protect their hard-earned freedom and strengthen the bonds of unity and kinship. The poem calls for an end to all moments of division and discord, rejecting communalism, separatism and their harmful ideologies. It envisions a society where all communities unite in a single procession, transcending the barriers of caste, creed and religion. The poet dreams of a moment where there is no conflict between temples and mosques, and everyone is part of a great nation. The poem ends with a prayer and a struggle for a future where every individual is a free and equal part of a free society. It is a passionate plea for unity, equality and the shared responsibility of building a harmonious, inclusive world.

নোট: যদি আপুনি ‘ইছমাইল হোছেইন ‘নাগৰিকৰ প্ৰতি’ কবিতাটো / গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘নাগৰিকৰ প্ৰতি | Nagrikr Prati | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে

You May Like:

  1. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  2. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  3. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  4. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  5. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  6. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  7. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  8. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleপ্ৰিয়তমা | ইছমাইল হোছেইন
Next articleদেশ | ইছমাইল হোছেইন

LEAVE A REPLY

Please enter your comment!
Please enter your name here