আপুনি যদি ইছমাইল হোছেইনৰ ‘মই এখন দেশ বিচাৰিছো’ কবিতাটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।
মই এখন দেশ বিচাৰিছো
–ইছমাইল হোছেইন
চাতক পখীৰ দৰে অহৰহ বিচাৰিছো
সীমাহীন এখন দেশ, এখনি বহল নদী
বহুবাৰ তোমাক সুধিলো- কিমান বাৰু গভীৰ
নদীৰ বুকু ,ক’তেইবা সেই দেশ
তুমিতো নক’লা নদী এটা সমন্বয়ৰ প্ৰতীক
নে এক বিধবংশী গতি
তুমিতো নক’লা দেশ এটা সম্প্ৰদায়ৰ নাম নে
দেশ এটা কঙাল জাতি।
মই ভাৱিছিলো–শুকান ৰুটিৰ দৰে নিৰস
নিচলা শিশুৰ দৰে অনুজ্জ্বল
অনুবৰ্বৰ পথাৰৰ দৰে নদী।
অথচ নদীক কোৱা হয় প্ৰেমৰ বণিক
নিতে কঢ়িয়াই ভালপোৱা, চেনেহ, বেদনা
মই ভাৱিছিলো–দেশ এটা ক্লীৱ পদাৰ্থ,
উচ্ছন্ন বিৰিখৰ দৰে মৃত এটি পিণ্ড
নৱজাত শিশুৰ দৰে কোমল,
মাকৰ বুকুৰ দৰে মৰমীয়াল বুলি কোৱা হয় দেশ
য’ত বিৰাজ কৰে এহেজাৰ এটা আকাল
উদং থাকে চিৰকাল শইচৰ পথাৰ।
নদী–এটা জাতি, এখন দেশৰ সভ্যতাৰ ইতিহাস
অথচ উত্তাল সময়ৰ দৰে আমাৰ দেশত
নদীয়ে ধোৱায় শইচৰ পথাৰ
নদীত অবাঞ্চিত ঢল নামে, অস্থিৰ তৰঙ্গই
পাৰ ভাঙি নাচে নদীৰ বুকুত
আজিৰ দেশ আৰু নদী– যেন এটি অৰ্থহীন কবিতা
আৰু এজন চণ্ডাল কবি।
নিজৰ উদং বুকুত হাত থৈ সেইখন দেশ বিচাৰিছিলো
তোমাৰ উষ্ণ বুকুৰ উমান লৈ সেইখনি নদী বিচাৰিছিলো,
মাথো বিচাৰিছিলো
এজনী ভিয়েটনামী গাভৰুক সুধিলো–
সেইখনি ৰূপহী নদী ক’ত?
এজন আত্বীয়ৰ দৰেই উত্তৰ দিলে–
সেইখনি নদী তোমাৰ তেজৰ প্ৰবাহত
এজন নিগ্ৰো বন্ধুক সুধিলো-
সেইখন বিশ্বাসৰ দেশ ক’ত? কি তাৰ নাম?
এজন সহোদৰৰ দৰেই উত্তৰ দিলে –
সেইখন দেশ তোমাৰ শস্যৰ পথাৰত
এজন স্বদেশীক সুধিলোঁ – ক’তনো
সেই প্ৰেম, ভালপোৱাৰ দেশ আৰু নদী?
তেওঁ বিমূঢ় হৈ নত শিৰে গুচি গ’ল এজনবোবাৰ দৰে।
মই এখন দেশ বিচাৰিছো আৰু এখনি নদী
বিশ্বাসৰ বহল নদী
য’ত তুমি বিচাৰি নোপোৱা মীৰাট, মুৰদাবাদ
নেলী অথবা ভিবান্দি
এইখন পৃথিৱীতে এখন নতুন পৃথিৱী
বিচাৰি চলাথ কৰিছোঁ
য’ত স্বাধীনতা, মানৱতা, আৰু শান্তি নহয়
চিৰকাল বন্ধী। ০ ০ ০
Critical Comments on “মই এখন দেশ বিচাৰিছো”
In this soulful Assamese poem, the poet explores the intense search for a nation and a river that symbolize unity, harmony, and purpose. The poem uses the metaphor of a restless search, similar to a bird yearning for rain, representing the human quest for an ideal homeland and a meaningful existence.
The poet questions the essence of a nation and a river superficially. Is a river merely a geographical entity, or does it symbolize destruction or life? Is a nation defined by its community, wealth, or values? These ideas challenge conventional definitions, highlighting the ambiguities and contradictions inherent in the concepts of nationhood and identity.
On a deeper level, the poem criticizes the fragmented state of the world, where rivers are harbingers of destruction rather than sustenance, and nations are burdened by division, poverty, and suffering. The poet mourns the loss of human connection, love, and peace. This quest transcends the physical realm, becoming a spiritual and philosophical journey to a utopian place where humanity thrives free from conflict and inequality.
In the climax, the poet symbolically converses with a Vietnamese woman, a Negro friend, and a fellow citizen, seeking answers about the ideal nation and the river. Their responses point to a universal truth – that the essence of this utopia lies in our actions, beliefs, and shared humanity.
The poem ends on a poignant note, expressing the poet’s longing for a new world on this fractured earth – a world where freedom, humanity and peace are not imprisoned but celebrated. The poem’s vivid imagery, metaphors and emotional depth make it a powerful commentary on the human condition and the persistent hope for a better world. 0 0 0
বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘মই এখন দেশ বিচাৰিছো আৰু এখনি নদী | Moi AKhon Desh Bicharicho’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
নোট: যদি আপুনি ‘ইছমাইল হোছেইনৰ ‘মই এখন দেশ বিচাৰিছো’ গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
You May Like:
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:











