আপুনি যদি ‘ইছমাইল হোছেইনৰ ‘মণিকুন্তলা’ কবিতাটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।
মণিকুন্তলা
–ইছমাইল হোছেইন
ভোমোৰাই জানো জানে জোনাক ৰাতি
হাচনাহানা ফুল ফুলেনে নুফুলে ?
তুমি মোক নক’বা হাচনাহানা ৰাতিৰ কথা–
সুঘ্ৰাণ লই শুই থকা সাপবোৰে ফণা তুলিব
তুমি মোক নুশুনাবা কোনেও নুশুনা গান–
সুৰবোৰৰ তালে তালে মানুহবোৰ বেসুৰা হ’ব
তুমি মোক নেদেখুৱাবা কোনেও নুশুঙা ফুল–
সৌগন্ধবোৰ সৰি সৰি দূৰ্গন্ধ ওলাব।
তুমি মোক লৈ নাযাবা ৰূপকোঁৱৰৰ দেশলৈ–
তালৈ গ’লে মানুহবোৰ কুৎসিত হয়,
তুমি মোৰ কাষলৈ নাহিবা বতৰা ল’বলৈ–
মোৰ সমস্ত শৰীৰ জুৰি কোষ্ঠ ৰোগীৰ ভয়।
তুমি মোক নক’বা সতীৰ কাহিনী–
স্বামীৰ সন্মুখতেই নাৰীবোৰ ধৰ্ষিতা হ’ব
তুমি মোক নুশুনাবা অধিকাৰৰ বাণী–
গৰ্ভৱতী মাতৃৰ অকস্মাতে গৰ্ভপাত হ’ব
তুমি মোৰ বাবে নজ্বলাবা হোমৰ অগনি–
কুমাৰী দেহবোৰ পুৰি ছাঁই হ’ব।
তুমি মোক লৈ ব’লা সেই দেশলৈ–
য’ত কোনো নাৰী আজিলৈ ধৰ্ষিতা হোৱা নাই
তুমি মোক লৈ যোৱা সেই সন্তানৰ কাষলৈ–
মাতৃ স্তন মুখত লৈ যাৰ মৃত্যু হোৱা নাই
তুমি মোক লৈ যোৱা সেই মাতৃৰ বুকুলৈ–
বেয়োনেটৰ আঘাতত যাৰ গৰ্ভপাত হোৱা নাই।
“তুমি মোক দাম্পত্য ক্ষুধাৰ বিড়ম্বনা হ’বলৈ নিদিবা সবেৰা–
মোক লৈ ব’লা নদীৰ কাষলৈ- তাৰ সমতলত মোৰ ঘৰ সজাম
মোক লৈ ব’লা আকাশৰ বুকুলৈ —
তাৰ দিগবলয়ত মানুহবোৰ চাম
য’ত আছে নক্ষত্ৰ পুৰুষ, সূৰ্য সন্তান, প্ৰেমৰ গান, জীৱনৰ গান। ০ ০ ০
‘মণিকুন্তলা’: Critical Summary
The Assamese poem ‘মণিকুন্তলা’ by Ismail Hossain is an intense exploration of human suffering, social degradatio,n and the longing for an ideal world free from violence, injustice and despair. Through vivid imagery and emotional depth, the poet expresses a longing for purity, love and harmony while criticizing the moral and ethical degradation of contemporary society. At its core, the poem addresses the poet’s rejection of a world filled with lies, violence and hypocrisy. The poet appeals to avoid stories of fleeting beauty, illusory rights and perverted traditions, as they only reveal the dark undercurrents of human existence. Symbolism such as “snakes raising their hood”, “wrong tunes” and “decaying fragrances” depict the corrupt and hollow nature of social norms, where even sacred concepts such as love, motherhood and rights have become tainted.
The poet criticises social evils such as sexual violence, betrayal and loss of maternal sanctity. References to exploited women, aborted children and objectification of human dignity depict a world where moral values are constantly under attack. The rejection of mythical and idealised stories of “sati” or virtuous women further highlights the glaring gap between historical ideals and present-day realities.
Amidst this darkness, the poet wishes for a utopian world untouched by corruption, exploitation and pain. The ideal world envisioned by the poet is one where women are safe, children die peacefully in their mothers’ laps, and no mother suffers the agony of violent loss. This world, symbolized by the calm riverbanks and boundless sky, becomes a metaphor for hope, purity, and liberation.
In conclusion, Manikuntala is a very touching poem that juxtaposes the harsh realities of a broken society with the poet’s dream of a better, untainted existence. It resonates as a powerful critique of humanity’s failures while providing a ray of hope for a harmonious and just world. The universal themes and emotional intensity of the poem make it a timeless piece of reflective literature. 0 0 0.
বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘মণিকুন্তলা | Manikuntola | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
নোট: যদি আপুনি ‘ইছমাইল হোছেইনৰ ‘মণিকুন্তলা’ কবিতাটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
You May Like:
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- মোৰ সপোন যদি-জ্যোতিপ্রসাদ
- মোৰ দেশৰে ধুনীয়া ছোৱালী-জ্যোতিপ্রসাদ
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:
- হুমায়ুন আজাদ
- হীৰেন ভট্টাচার্যৰ এমুঠি কবিতা
- ইছমাইল হোছেইন
- জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
- অমূল্য বৰুৱাৰ কবিতা কুকুৰ











