আপুনি যদি ‘ইছমাইল হোছেইনৰ ‘মা’ কবিতাটো / গীতটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।
মা
–ইছমাইল হোছেইন
তুমি মোক জীৱনৰ কি যে নিবিড় আলিঙ্গন দিলা
তুমিনো কোন কাননৰ সূৰ্যসম পুষ্পধাৰ
তোমাৰ উমাল আৱেশত জোনাকে সলায়নে ছাঁ
তোমাৰ কুঁৱলী আৱৰা মেল খোৱা পাহিত
সদায় লিখিবলৈ মন যায় মোৰ পঢ়াশালিৰ ইতিহাস।
তুমি মোৰ দৃষ্টিত পাল তৰা নাও
শৈশৱৰ সোণালী স্মৃতি
তুমিতো মোক নেজানা মই যে এই পাৰঘাটৰেই নাৱৰীয়া
তোমাৰেই উপত্যকাৰ আদিম অধিবাসী।
মই তোমাৰ নামেৰেই আৰম্ভ কৰো
মোৰ সুবিমল যাত্ৰা, দিনটোৰ প্ৰাৰ্থনা
নদীৰ ধাৰাল সোঁতৰ বিপৰীতে বঠাৰ পৌৰুষ খোজ।
‘তুমি প্ৰেমৰ নক্ষত্ৰ নে শান্তিৰ গভীৰ জলাধাৰ
তুমি কোন সৌৰজগতৰ সুৰভি আকাশ
নে মোৰ চৰণীয়া পথাৰৰ গৰখীয়াৰ মাত।
এবাৰ মাথোন এবাৰ মোৰ বুকুত ৰুই দিয়া
তোমাৰ স্পৰ্শত গজা বসন্তৰ ঘাঁহ
এবাৰ মাথোন মোৰ বুকুত চটিয়াই দিয়া
তোমাৰ দেহৰ শুভ্ৰ জোনাক।
তুমি মোৰ চেতনাত
শিশুৰ মুখৰ প্ৰথম মাত। ০ ০ ০
‘মা’ Mother: An Overview
The poem ‘মা’ by ইছমাইল হোছেইন is a deeply emotional tribute to the poet’s mother, expressing the deep love, reverence and eternal bond between a child and his mother. Here is an overview in English.
The poet begins by describing the mother’s embrace as something extremely comforting and nurturing. She is compared to a glowing flower in a divine garden, whose warmth turns even the moonlight into a soothing shade. Her presence prompts the poet to reflect on childhood memories, the history of school days and life lessons inherent in her care.
The mother is portrayed as a guiding star, the golden memory of the poet’s childhood and the essence of his identity. The poet acknowledges his role as a simple boatman walking the shores of life, inseparably tied to the nurturing land of the mother – a primal and sacred connection. The poet begins every journey, every prayer and every challenge with the thought of his mother. Her presence inspires strength, symbolized by the determination to sail against the river’s rapid currents. The mother is represented as a star of love, a repository of peace, the fragrant sky of some divine universe and the voice of a shepherd in the poet’s beloved fields. The poet yearns for the mother’s touch, which will sow the seeds of spring grass in his heart, filling his soul with new life and light. Her purity, represented by moonlight, is sought as a blessing.
In the end, the poet acknowledges that the mother is at the core of his consciousness, the first word spoken by a child and the eternal symbol of love and creation. This poem beautifully captures the essence of a mother’s selfless love and its eternal impact on her child’s life.
নোট: যদি আপুনি ‘ইছমাইল হোছেইনৰ ‘মা’ কবিতাটো / গীতটো টো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ।
বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘মা | Maa | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:











