Home Apedia কবিতা মোৰ আৰু পৃথিৱীৰ | হীৰেন ভট্টাচাৰ্য

মোৰ আৰু পৃথিৱীৰ | হীৰেন ভট্টাচাৰ্য

0

মোৰ আৰু পৃথিৱীৰ | হীৰেন ভট্টাচাৰ্য. ‘মোৰ আৰু পৃথিৱীৰ’ কবিতাখন পাঠকৰ হৃদয়ত তীব্র অনুভূতি জাগ্ৰত কৰে — অন্তৰ্দ্বন্দ্ব, বিদ্ৰোহ আৰু বিশৃঙ্খলতাৰ মাজত অৰ্থ সন্ধান কৰাৰ নির্ভীক যাত্ৰাৰ এক গভীৰ অন্বেষণ।

মোৰ আৰু পৃথিৱীৰ

মোৰ আৰু পৃথিৱীৰ

—হীৰেন ভট্টাচাৰ্য

(১)

কাৰ কাৰণে কবিতা, সূৰ্যৰ শুদ্ধতা? সমুখৰ বাট জলকতবক ,

বাওঁহাতৰ টিপত মৰে কুশীলব, জননীৰ বুকুত কাল যমুনা ।

কাৰ কাৰণে কবিতা, সূৰ্যৰ তেজস্বিতা ? ছহীদৰ হাড়

শিয়াল-কুকুৰৰ ভোজ, স্বাধীনতাৰ বিপন্ন মুখ!

কাৰ কাৰণে কবিতা, তাপস কবিৰ তেজৰ শলিতা ?

(২)

মই এক বিপুলাতয়ন নাটকৰ গৰ্ভাংকৰ গভীৰ নাটকীয় মুহূৰ্তত,

মোৰ অসহায় চকুৰ আগত বিশাল শব্দকল্পদ্ৰুম,

উদগ্ৰ জীৱন শক্তিত স্ফীত শাখা-প্ৰশাখাত

উৎসাৱন্ত ধুমুহাৰ কোলাহল;

মুক্ত, উদ্ধত আৰু সুস্পষ্ট বিবেকী বজ্ৰৰ নিৰ্ঘোষ ।

 

মোৰ অনুভূতিৰ বিপদজনক দুৱাৰ দুফাল কৰি খোলা ।

যকৃতৰ সুখ-শ্ৰুত সুস্থতাই জানো সকলো ?

 

তোমাৰ লগত মোৰ বিস্তৰ মতভেদ ।

বৰং যদিও দুষ্প্ৰাপ্য, তেজৰ স্বাভাৱিক ৰং মোৰ প্ৰিয় ।

মই এনেধৰণৰ সৰ্বাত্মক সংকটৰ মুখামুখি

যাৰ — এফালে নিৰ্বিষ বাস্তৱ, আনফালে অসম্ভৱ ভৱিষ্যত ।

 (৩)

নিমিষতে ভাঙি পৰে মোৰ বুকুৰ ভিতৰৰ ঘৰ-দুৱাৰ । তোমাক

বুকুত থৈ কৰা আশ্চৰ্য নিৰ্মাণ । ভয়ংকৰ ভাঙনৰ মুখত

স্থিত দীৰ্ঘ পৰিশ্ৰমে গঢ়া সুশোভিত উদ্যান ।

পাৰ হৈ আহোঁ পিছল শিলৰ সাঁকো,

ভৱিষ্যতৰ গন্ধবহ সপ্ৰতিভ বৰ্তমান ।

হাড়ে হাড়ে, বুকুৰ ভিতৰে ভিতৰে ভাঙে ঘৰ-দুৱাৰ,

কলিজাত কতকাল পৰি থকা স্মৃতিময় গোলাপ লতাৰ

তিমিৰ প্ৰোথিত শিপা ছিন্ন-বিচ্ছিন্ন ।

শ্বাসৰোধী অভ্যন্তৰত পিপাসাৰ মুমূৰ্ষ প্ৰাৰ্থনাঃ

মোৰ প্ৰকৃতি, মোৰ প্ৰিয়, তুলি লোৱা মোৰ অপাপ হৃদয়

ধ্বংসস্তুপৰ পৰা ।

(৪)

তেজৰ অনুগত মোৰ এই অভীষ্ট শব্দবোৰৰ নিঃসংগতা

লগৰীয়াৰ চকুত ধূলি দি বালিঘৰ সাজি একান্তমনে

উমলি থকা ল’ৰাটোৰ দৰে এক অদ্ভুত আনন্দবোধত মুগ্ধ ।

প্ৰতিটো শব্দৰ শৰীৰে শৰীৰে বিয়পি আছে মোৰ

আইৰ চাদৰৰ মোলান আচঁলত লাগি থকা কিংবদন্তিৰ কৰুণতা ।

(৫)

এনেকৈয়ে আছোঁ: দুখ মোৰ কোলাৰ কেঁচুৱা, বাৰে বাৰে

দুহাতেৰে দাঙি ল’ব লাগে । জিভাত দুখৰ ঘৰৰ লোণ,

ওকালিত ওলাই আহে ভাতৰ নিসনি । খং মোৰ সহজতে নুঠে ।

দায়িত্বশীল পিতাৰ দৰে মই জানো

খং কেনেকৈ সামৰি থ’ব লাগে;

ক্ষমায়েই বা কাক বোলে । প্ৰচুৰ দায়িত্ব মোৰ ।

দুখবোৰ তুলি-তালি মানুহ কৰাৰ গধুৰ দায়িত্ব,

একান্ততাত জুৰুলি-জুপুৰি নৰীয়া দেহা,

কিবা এটা ক’ব খুজিলেই আলজিভাৰ পৰা ছিটিকি পৰে

অজানিত তেজ মুখৰ ভিতৰে-বাহিৰে ।

(৬)

মোৰ অস্ত্ৰৰ শানিত মুখত সুগন্ধ সময়ৰ সেতুময়তা!

মোৰ স্নায়ুৰ বিচিত্ৰ বীনাৰ সহস্ৰ তাঁৰ কৃতজ্ঞতাবোধত গধুৰ,

বুকুৰ ভিতৰত অজৰ-অমৰ পৃথিৱী, যাৰ কাষত বহিলে

উজ্জ্বল হৈ উঠে মোৰ নৰীয়া দেহ । ভ্ৰমণ-বিলাসী মনৰ শেষ হয় সকলো

আয়োজন, ভৰি ছুই গুছি যায় আবেলিৰ ৰ’দ,

মই মাথোঁ বহি থাকোঁ লিৰিকি-বিদাৰি গুৰুভাৰ শিকলি ।

…. আঙুলি কামুৰি পালো ঘোলা তেজ, চেঁচা বিদ্ৰোহ,

চূড়ান্ত কিবা কৰাৰ মোৰ খুব লোভ, অথচ মোৰ

সেই স্পৰ্ধা নাই অথবা বিৰল প্ৰাজ্ঞতা!

(৭)

কমৰেড, বুকুখন বিষাইছে, বন্দুকটো উম দি বুকুতে থাকক,

আঁতৰাই নিনিবা; লাগিলে তৰ্জনী আঙুলিটো মোৰ

ট্ৰিগ্ৰাৰতে থোৱাঃ বন্দুকৰ নলেৰে জ্বলক অবিৰাম বিজুলী ।

ৰাতিটো পাৰ হৈ গ’লে আমাৰ আৰু ভয় কি ?

নলে-গলে লগালগি পামগৈ ফৰকাল বেলতলাৰ পথাৰ । ০ ০

মোৰ আৰু পৃথিৱীৰ

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ আৰু পৃথিৱীৰ Mur Aru Prithibir’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছেমোৰ আৰু পৃথিৱীৰ

ৱীৰYou May Like:

  1. মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
  2. শৰ-সন্ধান-হীৰেন ভট্টাচার্য
  3. ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
  4. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  5. আত্মপাঠ-ইছমাইল হোছেইন
  6. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  7. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  8. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  9. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  10. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  11. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  12. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  13. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleMCQs on Medieval Indian History
Next articleএতিয়াও অমৃত | হীৰেন ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here