স্বদেশ স্বকাল | হীৰেন ভট্টাচাৰ্য

0

স্বদেশ স্বকাল | হীৰেন ভট্টাচাৰ্য. আপুনি যদি ‘হীৰেন ভট্টাচাৰ্যৰ ‘স্বদেশ স্বকাল কবিতাটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এইখন আপোনাৰ বাবে। 

স্বদেশ স্বকাল

স্বদেশ স্বকাল

—হীৰেন ভট্টাচাৰ্য

 

মই কবি, কৃতিত্বৰে পাৰ হৈ আহিছোঁ বুৰঞ্জীৰ বহু ভয়ংকৰ দিন ।

শব্দই মোক দিছে প্ৰতিৰোধৰ অসামান্য ক্ষমতা, অৰ্থৰ শৃংখলা,

নিৰ্ভুল হোৱাৰ ইচ্ছা, সেয়ে, প্ৰয়োজনত পুনৰ প্ৰতিষ্ঠা কৰিছোঁ

বিপৰ্যস্ত শব্দৰ নিৰ্বাসিত অৰ্থ ।

শব্দ মোৰ শুভংকৰ সংগীত কিম্বা উচ্চতৰ গণিত ।

 

থাকক অবিবেকী যুদ্ধ, মহামাৰী বসন্ত, শব্দ মোৰ চিৰাচৰিত

প্ৰতিকূলতাত আয়ত্তাধীন নিপুণতাৰ গুৰুত্বপূৰ্ণ অকপট তৰোৱাল ।

মোৰ আন কোনো সত্তা নাই, শব্দৰ সতে মোৰ অভিন্ন সংসাৰ;

যাৰে খণ্ড-খণ্ড কৰি তুলি ধৰোঁ ৰক্তাক্ত স্বদেশ স্বকাল;

স্বপ্নৰ নিটোল দেহেৰে গঢ়া অসম্ভৱ ভৱিষ্যত । ০ ০ ০

বিঃ দ্রঃ হীৰেন ভট্টাচাৰ্যৰ ‘স্বদেশ স্বকাল Sbdesh Sbkal হীৰেন ভট্টাচাৰ্য’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰু সম্পাদিত ‘হীৰেন ভট্টাচাৰ্যৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা তুলি দিয়া হৈছে

You May Like:

  1. মোৰ দেশ-হীৰেন ভট্টাচাৰ্য
  2. শৰ-সন্ধান-হীৰেন ভট্টাচার্য
  3. ৰৌদ্ৰ কামনা | হীৰেন ভট্টাচাৰ্য
  4. সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
  5. আত্মপাঠ-ইছমাইল হোছেইন
  6. আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
  7. অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
  8. এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
  9. হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
  10. মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
  11. বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
  12. বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
  13. জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ

অতিৰিক্ত অনুসন্ধান:

  1. ইছমাইল হোছেইন
  2. জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা
  3. অমূল্য বৰুৱাৰ কবিতা কুকুৰ
Previous articleসংকট দিন | হীৰেন ভট্টাচাৰ্য
Next articleমোৰ এই শব্দবোৰ | হীৰেন ভট্টাচাৰ্য

LEAVE A REPLY

Please enter your comment!
Please enter your name here