আপুনি যদি ‘ইছমাইল হোছেইনৰ ‘ৰোৱনীজনী তোৰ বিজন’ কবিতাটো / গীতটো বিচাৰি আছে আৰু ইয়াৰ বিষয়ে বিশদভাবে জানিব বিচাৰিছে, তেন্তে এই নিবন্ধখন আপোনাৰ বাবে।
ৰোৱনীজনী তোৰ বিজন
–-ইছমাইল হোছেইন
লহিয়া বেলিটোৱে তোৰ কজলা চুলিত
হেঙুল বুলিয়া ৰঙৰ ফাকু ছটিয়াইছে,
পাট গাভৰু দেহাত তোৰ অপৰূপ লয়লাস
পদুম ফুলিছে বোকাময় বুকুৰ ছাঁত,
বেলিটোৰ দৰেই তোৰ মুখখনি ৰাঙলী হৈ ফুলিছে।
যেতিয়া সমস্ত নদীয়ে শুকাই যায় তাৰ উৎসৰ পৰা
মানুহবোৰে আকণ্ঠ পান কৰে তৃষ্ণাৰ ত্ৰাস
যেতিয়া সমগ্ৰ অৰণ্যই পুৰি যায় তাৰ উপত্যকাত
মানুহবোৰে বিচাৰে গছৰ কোমল ছাঁ।
তেতিয়া তোৰেই বুকুৰ সমতলত নিৰিবিলি বয় ৰাগিনী নদী
তাত সুৰৰ ৰাগ টানি তৃষ্ণাৰ্ত মানুহবোৰে মুখত তোলে পানী
তোৰেই বুকুত লহপহকৈ জীপ দিয়ে এখনি বিজন অৰণ্য
যাৰ সুষমা পথাৰত শইচে খেলা কৰে।
তোৰ নদীৰ ইপাৰত মোৰ শইচৰ নিলাম বজাৰ
সিপাৰত আটোম-টোকাৰি ঘৰ, সুদূৰত গাওঁবোৰ।
গাওঁবোৰত দুৰ্দ্দিন আহে, ঘৰে ঘৰে জুই জ্বলে
তেজেৰে মানুহবোৰে গা ধোৱে, নদীত নামে বান
বানে ধৰ্ষণ কৰে শইচৰ কুমাৰী পথাৰ।
ৰোৱনীজনী মোৰ শ্ৰমৰ হাত দুখনি তোক দিলোঁ
তোৰ দহো আঙুলি, মোৰ দহো আঙুলি- একুৰি আঙুলি
তাৰেই ভেটা দে বলিয়া বান। তোৰ নদীৰ পানী আনি
নুমাই দে জুই- তোৰ বিজন বনত পখীয়ে গাওঁক গান। ০ ০ ০
নোট: যদি আপুনি ‘ইছমাইল হোছেইনৰ ‘ৰোৱনীজনী তোৰ বিজন’ কবিতাটো ভাল পাইছে / পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিঃ দ্রঃ ইছমাইল হোছেইনৰ ‘ৰোৱনীজনী তোৰ বিজন অৰণ্যত | Rowanijoni | ইছমাইল হোছেইন’ শিৰোনামৰ কবিতাটি ৰাব্বি মছৰুৰ সম্পাদিত ‘ইছমাইল হোছেইনৰ প্রতিনিধিত্বশীল কবিতা’ গ্রন্থৰ পৰা লোৱা হৈছে।
You May Like:
- সাম্প্ৰদায়িকতা-ইছমাইল হোছেইন
- আগুৱাই বল আগুৱাই বল-বিষ্ণু ৰাভা
- অ গুৰু মোৰ শংকৰ-বিষ্ণু ৰাভা
- এয়ে মোৰ শেষ গান-বিষ্ণু ৰাভা
- হে বিপ্লৱী বীৰ অধিনায়ক-বিষ্ণু ৰাভা
- মেঘৰ বুকু ফালি আনিম-বিষ্ণু ৰাভা
- বিশ্ববিজয়ী নজোৱান-বিষ্ণু ৰাভা
- বিশ্ব বিজয়ী নৱ জোৱান-জ্যোতিপ্ৰসাদ
- জাগা জাগা নক্ষত্রৰ প্রভাতে-জ্যোতিপ্রসাদ
অতিৰিক্ত অনুসন্ধান:











